ক’ভিড প্ৰতিষেধক দিবলৈ যোৱা স্বাস্থ্য কৰ্মীক শিল-ইটা বৰ্ষন…
July 21, 2021ৰাজ্যত অব্যাহত আছে ক’ভিড প্ৰতিষেধক প্ৰক্ৰিয়া।
ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা।
ক’ভিড প্ৰতিষেধক দিবলৈ যোৱা স্বাস্থ্য কৰ্মীক শিল-ইটা বৰ্ষন একাংশ লোকৰ।
শোণিতপুৰ জিলাৰ বৰছলাৰ বৰভগীয়াত সংঘটিত হৈছে এই ঘটনা।
কথমপি ৰক্ষা পৰে বৰছলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীৰ দলটো।
বৰছলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত বৰছলাৰ বৰভগীয়াৰ হৰগৌৰী মন্দিৰত বুধবাৰে অনুষ্ঠিত হৈছিল ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া।
প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াতে একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ক’ভিড ভেক্সিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হ’য় ভেক্সিন প্ৰদান কেন্দ্ৰটোত।
অৱশেষত বৰছলা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত একাংশ ৰাজনৈতিক নেতাই একাংশ লোকক উত্তেজিত কৰাৰ অভিযোগ বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ।