ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ গোৱালপাৰাত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা…

May 13, 2021 0 By Biraj Kalita

কভিড পৰিস্থিতিৰ বুজ ল’বলৈ আজি গোৱালপাৰাত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা।

মন্ত্ৰী  গৰাকীয়ে প্ৰথমে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ক’ভিড আক্ৰান্ত ৰোগী সকলৰ চিকিৎসা আৰু অন্যান্য সা-সুবিধাৰ বুজ লয়।

ইয়াৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শেহতীয়া কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷

উক্ত পৰ্যালোচনা সভাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক,জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ,অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে দূধনৈ, গোৱালপাৰা পূৱ আৰু জলেশ্বৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকলেও উপস্থিত থাকে।

বৈঠকৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে হোম আইচলেজনত থকা লোকসকলক সতৰ্কতা অবলম্বন কৰাৰ আহ্বান জনায়।

সম্প্ৰতি গোৱালপাৰা জিলাত ৭৬৯ গৰাকী হোম আইছ’লেশ্যনত আছে। ৪১ গৰাকী কভিড পজিটিভ ৰোগী জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকি‍ৎসাধীন হৈ আছে।

উল্লেখ্য যে জিলাখনত ১৫০ খন বিচনা সাজু হৈ আছে আৰু ৪০০ খন বিচনা সাজু কৰিব পৰা যাব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।