ক’ভিড পৰিস্থিতিৰ মাজতে উন্নয়নৰ ধাৰা অব্যাহত থাকিবঃ বিত্তমন্ত্ৰী অজন্তা নেওগ

June 4, 2021 0 By Biraj Kalita

ক’ভিড পৰিস্থিতিৰ মাজতে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি বিত্তমন্ত্ৰী অজন্তা নেওগৰ।

বৃহস্পতিবাৰে মন্ত্ৰী গৰাকীয়ে গোলাঘাটত উপস্থিত হৈ আৱৰ্ত্ত ভৱনত বিভিন্ন বিভাগৰ বিষয়-ববীয়া সকলৰ সৈতে জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ ওপৰত পৰ্যালোচনা কৰে।

ইয়াৰপিছতে মন্ত্ৰী গৰাকীয় সংবাদকৰ্মীসকলৰ লগত মত-বিনিময় কৰে।

মন্ত্ৰীগৰাকীয়ে ৭০ খনকৈ চাহ বাগিচা থকা গোলাঘাটত প্ৰথম অৱস্থাত চাহ বাগিচাসমূহত ক’ভিডৰ সংক্ৰমণ অধিক হৈছিল যদিও যোৱা সপ্তাহৰ পৰা ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা বুলি উল্লেখ কৰে।

তদুপৰি, ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত কোনো লোকে যাতে ব্যক্তিগত বাহন লৈ পৰীক্ষা কেন্দ্ৰলৈ নাহে তাৰবাবে সৰ্তক হ’বলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

যিহেতু কোনো এজন লোকে নিজৰ বাহনেৰে ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ আহিলে বা ব্যক্তিজন পজিটিভ হ’লে অন্য কোনো লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে এইক্ষেত্ৰতে চৰকাৰী বাহন ব্যৱহাৰ কৰিবলৈ স্বাস্থ্য বিভাগক জাননী দিয়া বুলিও উল্লেখ কৰে।

ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে নিৰ্বাচনৰ সময়ত বিজেপি দলে যিখিনি প্ৰতিশ্ৰুতি  প্ৰদান কৰিছিল সেই সকলো প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰৰ যি সদিচ্ছা আছে সেই সকলোখিনি কৰি যাবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে।