ক’ভিড পৰীক্ষাৰ ফলাফল লাভৰ পাছতে হাস্পতালৰ চকীতে মৃত্যুক সাৱটিলে এজনে…

June 28, 2021 0 By Biraj Kalita

ক’ভিড পৰীক্ষাৰ ফলাফল লাভৰ পাছতে হাস্পতালৰ চকীতে মৃত্যুক সাৱটিলে এজন লোকে।

ডিমৌ আদৰ্শ চিকিৎসালয়ত দেওবাৰে ক’ভিড পৰীক্ষাৰ ফলাফল পোৱাৰ কৰাৰ পিছ মূহুৰ্ততে ডিমৌ ৰজাবাৰীৰ জিতেন বস্তন নামৰ ৫৫ বছৰীয়া ব্যক্তি গৰাকীয়ে অতি কৰুণভাৱে হাস্পতালৰ চকীতে শেষ নিশ্বাস ত্যাগ কৰে।

জনিব পৰা মতে কেইবাদিনো ধৰি অসুস্থ হৈ আছিল জিতেন বস্তুম নামৰ ব্যক্তিগৰাকী।

দেওবাৰে ডিমৌ আদর্শ চিকিৎসালয়ত ব্যক্তিগৰাকীক ৰেপিড এন্টিজেন টেষ্ট কৰাত জিতেন বস্তুমৰ দেহত কভিড সংক্ৰমণ ধৰা পৰে।

ইপিনে ক’ভিড ৰোগত আক্রান্ত হৈ সূচনীয় অৱস্থাত অতি পলম কৈ চিকিৎসালয়লৈ অহাৰ ফলতে ব্যক্তিগৰাকীয়ে বিনা চিকিৎসাই মৃত্যু মুখত পৰে বুলি চিকিৎসা কৰ্মী সকলে জানিবলৈ দিয়ে।