ক’ভিড মহামাৰীত স্বামীহাৰা বিধবা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য…

July 12, 2021 0 By Biraj Kalita

কোভিড মহামাৰীত স্বামীহাৰা বিধবা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ উদ্বোধন।

গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ অধীনত প্রতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়ায়৷

আঁচনিখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কামৰূপ মহানগৰ, নলবাৰী, দৰং, বাক্সা, মৰিগাঁও, নগাঁও, গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ১৭৬গৰাকী হিতাধিকাৰীক ২.৫০ লাখ টকাৰ একোখনকৈ চেক প্রদান কৰে৷

এই আঁচনিৰ অধীনত বর্তমানলৈকে ৮৮৩গৰাকী হিতাধিকাৰী বাছনি কৰা হৈছে৷ এই চেক প্রদান কৰা ১৭৬গৰাকী হিতাধিকাৰীক বাদ দি বাকী থকাসকলৰ চেকসমূহ সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্রীসকলৰ হাতত তুলি দিয়ে৷

অহা শনি আৰু দেওবাৰৰ ভিতৰত অভিভাৱক মন্ত্রীসকলে সেই চেকসমূহ হিতাধিকাৰীসকলক অর্পণ কৰিব৷

ক’ভিডত পিতৃ–মাতৃক হেৰুৱাই অনাথ হোৱা শিশুসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে শিশু সেৱা আঁচনি নামেৰে এখন আঁচনিৰো শুভাৰম্ভ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

যোৱা ১০ জুনত শুভাৰম্ভ কৰা সেই আঁচনিৰ অধীনত ক’ভিডৰ বাবে অনাথ হোৱা শিশুসকলক মাহে ৩,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ক’ভিডত মৃত্যুবৰণ কৰা অন্যান্য লোকসকললৈও সকাহ প্রদানৰ উদ্দেশ্যে আগন্তুক বাজেটত পর্যাপ্ত পুঁজি ধার্য কৰাৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগক পৰামর্শ দিয়া হৈছে বুলি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷