ক’ভিড মুক্ত হৈ ঘৰলৈ উভতাৰ পথত ধৰ্ষণৰ বলি হ’ল মহিলা, হেৰুৱালে শ্ৰৱণ শক্তি…

May 30, 2021 0 By Biraj Kalita

পুনৰ ৰাজ্যত সংঘটিত হ’ল ধৰ্ষণৰ ঘটনা।

ক’ভিড মুক্ত হৈ ঘৰলৈ উভতাৰ পথত ধৰ্ষণৰ বলি হ’ল মহিলা।

চৰাইদেউৰ বৰহাটৰ নগামাটি গাঁৱৰ এগৰাকী মহিলা ক’ভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ আহি থকা অৱস্থাত দুজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী মহিলা।

বৰহাট নগামাটি গাঁৱৰ চাহ জনগোষ্ঠীয় এটি পৰিয়ালৰ স্বামী, স্ত্ৰী আৰু কন্যা যোৱা ১৭ মে’ত ক’ভিডত আক্ৰান্ত হৈ নিজা গৃহতে হোম আইছ’লেশ্যনত আছিল।

ক্ৰমান্বয়ে তিনিওৰে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তিনিওকে সাপেখাতীস্থিত মডেল চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

প্ৰথমে স্বামী গৰাকী সুস্থ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিব দিয়ে। ইয়াৰ পিছত বৃহস্পতিবাৰে পত্নী আৰু কন্যাও সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা বিয়লি ২.৩০ বজাত মুক্তি দিয়ে।

কিন্ত ২ বজাৰ পৰা থকা সান্ধ্য আইনৰ বাবে যান-বাহন বন্ধ হৈ পৰাত উপায়ন্তৰ হৈ দুয়োজনে অৱশেষত অসুস্থ দেহাৰেই খোজ কাঢ়িয়েই নিজ গৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

সাপেখাতী চিকিৎসালয়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা নিজ গৃহলৈ মাত্ৰ চাৰি কিলোমিটাৰ বাকী থকা অৱস্থাত বৰহাট চাহ বাগিচা অতিক্ৰম কৰাৰ পাছত ধোদৰআলিৰ জনশূন্য স্থানত দুয়োগৰাকীকে দুজন দুৰ্বৃত্তই আগুচি ধৰি বাগিচাৰ মাজলৈ টানি নিবলৈ চেষ্টা চলাওঁতেই যুৱতীগৰাকীয়ে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয়।

ইয়াৰ বিপৰীতে আনগৰাকী মহিলাক দুই দূৰ্বৃত্তই বাগিচাৰ মাজলৈ নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাস্থলীৰ পৰা পলাই যোৱা যুৱতী গৰাকীয়ে স্থানীয় একাংশ লোকক সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত কৰাত আৰক্ষীক খবৰ দিয়ে।

বৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে দুই দুৰ্বৃত্তই।

আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুয়োজন দুৰ্বৃত্তই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে মাৰপিট কৰাৰ ফলত মহিলাগৰাকীয়ে হেৰুৱাই পেলাইছে শ্ৰৱণ শক্তিও।

ইফালে ভুক্তভোগী পৰিয়ালটোৰ কাষত বিয়লিৰ ভাগত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীক অতি শীঘ্ৰেই কৰায়ত্ত্ব কৰি উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালটোক।