কভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

April 23, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কভিড-১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

ভেকচিন গ্ৰহণ কৰি ভট্টাচাৰ্যই কয়- মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ এইটোৱে একমাত্ৰ উপায়।সকলোকে ভেকচিন গ্ৰহণ কৰক।

ভট্টাচাৰ্যই লগতে শিক্ষাৰ্থীসকলৰ শিক্ষাবৰ্ষ যাতে অপচয় নহয় তাৰ বাবে সময়মতে সিদ্ধান্ত ল’বলৈ আহ্বান জনায় বিভাগীয় কৰ্তৃপক্ষক।