ক’ভিড ৰোগীৰ আলৈ-আথানি, পথৰ দাঁতিত এৰি থৈ গ’ল ১০৮ সেৱাৰ চিকিৎসাকৰ্মীয়ে…

July 3, 2021 0 By Biraj Kalita

এগৰাকী ক’ভিড পজিটিভ ৰোগীৰ আলৈ আথানি।

পথৰ দাঁতিত এৰি থৈ গ’ল ১০৮ সেৱাৰ চিকিৎসাকৰ্মীয়ে।

শুক্ৰবাৰে বোকাখাতৰ কুৰুৱাবাহীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে স্বাস্থ্যজনিত অসুবিধা হোৱাত কুৰুৱাবাহী নগঞা গাঁৱৰ উপেন দাস নামৰ ব্যক্তিজনক পৰিয়ালৰ লোকে ক’ভিড পৰীক্ষা কৰিবলৈ লৈ গৈছিল বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ।

ক’ভিড পৰীক্ষাৰ অন্তত ক’ভিড পজিটিভ ধৰা পৰা ৰোগী উপেন দাসক চিকিৎসালয় কৰ্তৃপক্ষই কুৰুৱাবাহীস্থিত ৭নং কুৰুৱাবাহী প্ৰাথমিক বিদ্যালয়লত স্থাপিত ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ দিহা কৰে।

সেই মৰ্মে ৰোগীজনক বিভাগীয় ১০৮ সেৱাৰে ক’ভিড কেয়াৰ চেণ্টাৰটোলৈ প্ৰেৰণ কৰে যদিও ১০৮ বাহনখনৰ চিকিৎসাকৰ্মীয়ে কুৰুৱাবাহীৰ নিৰ্ধাৰিত ক’ভিড কেয়াৰ চেণ্টাৰটোৰ পৰা কিছু আঁতৰত এৰি থৈ যায়।

ফলত উপায়হীন ৰোগী উপেন দাসে নিজে ক’ভিড কেয়াৰ চেণ্টাৰটোৰ সন্মুখলৈ আহে যদিও ক’ভিড কেয়াৰ চেণ্টাৰত আসন খালি নাই বুলি ৰোগীজনক পঠিয়াই দিয়ে।

ফলত উপায়ন্তৰ ৰোগীজনে পুণৰ পথৰ ওপৰতে আশ্ৰয় ল’বলৈ বাধ্য হয়।

পৰৱৰ্তী সময়তে স্থানী ৰাইজৰ তৎপৰতাত পুণৰ ১০৮ সেৱাৰ সহায়ত আন এটা ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ ৰোগীজনক।