ক’ভিড ৰোগী দৈনিক এহেজাৰ হ’লে বন্ধ হ’ব স্কুল, কলেজ, হোষ্টেলঃ হিমন্ত বিশ্ব শৰ্মা

April 21, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ক’ভিড ৰোগীৰ সংখ্যা দৈনিক এহেজাৰ হ’লে স্কুল কলেজ বন্ধ কৰি দিয়া হ’ব।

পৰিস্থিতি জটিল হ’লে বাতিল কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতাৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা।

জনতা ভৱনত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ডাঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে ডাঃ শৰ্মাই কয়- বিমানত অহা যাত্ৰীসকলে ৭ দিন হোম কোৱাৰাইন্টাইনত থাকিব লাগিব।

গুৱাহাটীত ৬০ লৈ বৃদ্ধি কৰা হ’ব কোভিড স্কীণিং চেন্টাৰ।

ধীৰেণপাৰা মেটাৰনিটী চিকিৎসালয় ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

লগতে চাওকঃ

ক’ভিড যােদ্ধা! গৰ্ভত ৫ মহীয়া সন্তান লৈ ৰাজপথত কৰ্তব্য সমাপন কৰিছে এগৰাকী ডিএছপিয়ে!

জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসৰ দেহাৱসান