কলিয়াবৰৰ হাতীয়েখোৱা গাঁৱত কাজিৰঙাৰ পহু উদ্ধাৰ

December 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ কলিয়াবৰৰ হাতীয়েখোৱা গাঁৱত কাজিৰঙাৰ হৰিণা পহু উদ্ধাৰ।

ৰাতিপুৱা মোৱামাৰী গাঁৱৰ ৰাইজে খেদি আনিছিল হৰিণাৰ পোৱালিটো।

দুই নং হাতীয়েখোৱাৰ ডিম্বেশ্বৰ দাস নামৰ ব্যক্তিজনে নিজৰ ঘৰৰ সন্মুখতে উদ্ধাৰ কৰে প্ৰায় ৪ বছৰীয়া হৰিণা পোৱালিটো।

পিছত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি হৰিণা পোৱালিটো স্থানীয় শিলঘাট বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

পোৱালিটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিব বুলি জানিবলৈ দিছে বন বিভাগৰ দলটোৱে।

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্ধেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে।