কলেজীয়া ছাত্ৰী নিৰুদ্দেশ, এজাহাৰ দাখিল
January 21, 2022নিউজ ডেস্ক। ৰাজ্যৰ পুনৰ কলেজীয়া ছাত্ৰীৰ নিৰুদ্দেশৰ ঘটনা।
এইবাৰ ঘটনাৰ স্থান কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত চৌতাৰা অঞ্চল।
জানিব পৰা মতে, জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৌতাৰাৰ কলেজীয়া ছাত্ৰী এগৰাকী দুদিন পূৰ্বে ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হয়।
জানিব পৰামতে, জোৰশিমুলীৰ চৌতাৰা গাঁৱৰ হুছএইন আলীৰ কন্যা হাছিনা খাতুন (১৯) ঘটনাৰ দিনা পুৱা প্ৰায় ৯ বজাত গৰৈমাৰীৰ ফথৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়লৈ ঘৰৰ পৰা ওলাই যায়।
কিন্তু আশ্চাৰ্যজনকভাৱে ছাত্ৰীগৰাকী আজিলৈকে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক একপ্ৰকাৰ চিন্তিত হৈ পৰিছে।
বগা বৰণৰ ৫ ফুট উচ্চতাৰ ছাত্ৰীগৰাকী নিৰুদ্দেশৰ সময়ত বগা কামিজৰ সৈতে ৰঙা ৰঙৰ পায়জামা পিন্ধি আছিল।
পৰিয়ামলৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত আজি জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
কোনো সচেতন ব্যক্তিয়ে ছাত্ৰীগ হাছিনা খাতুনৰ সন্ধান পালে স্থানীয় থানা নতুবা ৬০০০৩-৫৪৮৬৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
লগতে চাওকঃ
চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা