ক’লৈ গ’ল দিপালী? সন্ধান বিচাৰি পৰিয়ালত হাহাকাৰ

October 7, 2021 0 By NEWS DESK

১৪ বছৰীয়া কিশোৰীৰ নাই কােনাে সন্ধান

নিউজ ডেস্ক। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত দুই নং লক্ষীপুৰ গাঁৱৰ এটি পৰিয়ালৰ মাজৰ পৰা ১৪ বছৰীয়া এগৰাকী কিশোৰী আজি এমাহতকৈ অধিক দিনৰ পৰা নিৰুদ্দেশ হৈ আছে।

লক্ষীপুৰ গাঁৱৰ দিপালী কোঁৱৰ নামৰ কিশোৰীগৰাকী যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ লোকে জানিব দিছে।

উল্লেখযোগ্য যে ১৪ বছৰীয়া কিশোৰীজনী ৰাতিপুৱা গা ধুবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে।

ইফালে ঘটনা সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষী থানাত এখন এজাহাৰ দিয়াৰ পিছতো আজি পৰ্যন্ত কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ পোৱা নাই।