ক’লৈ গ’ল নিজৰা? সন্ধান বিচাৰি পৰিয়ালত হাহাকাৰ

September 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰপেটা জিলাৰ চেঙাত ১৬ বছৰীয়া কিশোৰী নিৰুদ্দেশ।

চেঙাৰ মুছলমান গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নিজৰা বেগম নামৰ কিশোৰী যোৱা ২৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে।

কিশোৰীগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে স্থানীয় তাৰাবাৰী থানাত পৰিয়ালৰ লােকে এজাহাৰ দাখিল কৰিছে যদিও আজিপৰ্যন্ত কোনো সন্ধান পোৱা নাই।

কিশােৰীগৰাকীৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লােকে।

কোনো সদাশয় লোকে কিশোৰীগৰাকীৰ কিবা সন্ধান পালে ওচৰৰ থানাত অবগত কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।