ক’লৈ গ’ল পৰী? সন্ধান বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লােকে

September 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিগত পাঁচ দিন ধৰি সন্ধানহীন গোলাঘাট চৰাইমাৰীৰ নৱম শ্ৰেণীৰ ছাত্ৰী পৰী শইকীয়া নামৰ এগৰাকী কিশোৰী।

গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰ গাঁও পঞ্চায়তৰ মোছভাঙা গাঁৱৰ নিবাসী সোণমণি শইকীয়াৰ কন্যা তথা মোছৰভঙা গাঁৱৰ গাঁওবুঢ়া পানীৰাম সোণোৱালৰ নাতি পৰী শইকীয়াই ককাক পানীৰাম সোণোৱালৰ ঘৰৰ পৰা ২১ ছেপ্টেম্বৰ মঙলবাৰে নিশা সন্ধানহীন হয়।

পৰিয়ালৰ লোকে বিচাৰি কোনো শুংসূত্ৰ নোপোৱাত ২২ ছেপ্টেম্বৰত মেৰাপানীত এখন এজাহাৰ দাখিল কৰে।

মেৰাপানী আৰক্ষীয়ে বৃহস্পতিবাৰে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত ৰাখইছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই।

উল্লেখ্য যে ১৩ বছৰীয়া কিশোৰীগৰাকী গোলাঘাটৰ চৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যনৰত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। সেয়েহে কিশোৰীগৰাকীৰ সম্ভেদ পালে ৬০০০৫-৪৩৬৫৪, ৬০০৩৩-২১২৭২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল