ক’লৈ গ’ল ৰাইনা কলিতা? কলেজলৈ বুলি ওলাই যোৱা ৰাইনা কেইবাদিন ধৰি সন্ধানহীন, পৰিয়ালত হাহাকাৰ.

March 12, 2022 0 By Biraj Kalita

এক চাঞ্চল্যকৰ ঘটনা।

কলেজলৈ বুলি ওলাই যোৱা ৰাইনা কলিতা সন্ধানহীন।

দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ ১নং আমতলাৰ যুৱতী গৰাকী সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে।

যি ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই সৃষ্টি কৰিছে।

১নং আমতলা গাঁৱৰ অৰ্পণ কলিতাৰ একমাত্ৰ কন্যা ৰাইনা কলিতাৰ নিৰুদ্দেশৰ ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লোকক।

জানিব পৰামতে ৰাইনা কলিতা কলেজলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল।

ৰাইনা কলিতা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।

যুৱতীগৰাকীক পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপাই আৰক্ষীৰ ওচৰত দাখিল কৰিছে এখন এজাহাৰ।

কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই যুৱতীগৰাকীৰ।

যুৱতীগৰাকীৰ যি কোনো উপায়ে বিচাৰি দিবলৈ আৰক্ষীক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।