কাঁইটীয়া তাঁৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাই BSF ৰ গুলীত নিহত বাংলাদেশী
February 13, 2022নিউজ ডেস্ক। মানকাচৰ-দক্ষিণ শালমাৰা জিলাৰ ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে বি এছ এফৰ অভিযান।
কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেঁকীৰ সহায়ত গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাই BSF ৰ গুলীত নিহত এজন বাংলাদেশী গৰু সৰবৰহকাৰী।
চোৰাং গৰু সৰবৰাহকাৰীজনৰ এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই যদিও লোকজন বাংলাদেশৰ বুলি জানিব পৰা গৈছে।
লোকজনে বাংলাদেশৰ পৰা আহি গৰু পাৰ কৰিব বিচাৰিছিল বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীৰ পৰা এটা গৰু আৰু বাঁহ উদ্ধাৰ কৰা হৈছে।
চোৰাং গৰু সৰবৰাহকাৰীজনে পুৱতি নিশা বাঁহৰ সহায়ত গৰু বাংলাদেশলৈ পাৰ কৰি থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ৰ গুলীত নিহত হয়।