কাইলৈৰ পৰা ৰাজ্যৰ এইসমূহ জিলাত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়: হিমন্ত বিশ্ব

April 26, 2021 0 By Biraj Kalita

ৰাজ্যত ক্ৰমাৎ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

যি সমূহ জিলাত ১০০ তকৈ অধিক কৰ’ণা আক্ৰান্ত ৰোগী ধৰা পৰিছে সেই জিলা সমূহত কাইলৈ পৰা অষ্টম শ্ৰেণীলৈকে সম্পূৰ্ণ বন্ধ থাকিব বিদ্যালয় সমূহ।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যালয় সমূহত নৱম আৰু দশম শ্ৰেণীৰ পাঠদান ৫০ শতাংশৰ ভিত্তিত চলি থাকিব।

সংবাদমেল যোগে এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল।

এই নতুন নিৰ্দেশনা অনুসৰি চিৰাং, বিশ্বনাথ,বাক্সা,মাজুলী, ডিমা হাচাও, চৰাইদেউ, হাইলাকান্দি, দক্ষিণ শালমৰাৰ, পশ্চিম কাৰ্বি আংলঙৰ বাহিৰে বাকী সকলো জিলাত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয়।