কাছাৰৰ লক্ষীপুৰত ৭ আৰক্ষী কৰ্মীসহ দুগৰাকী কয়দী কৰ’ণাত আক্ৰান্ত

April 25, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

শেহতীয়াভাৱে কাছাৰৰ লক্ষীপুৰত ৭ গৰাকী আৰক্ষী কৰ্মীসহ দুগৰাকী কয়দী কৰ’ণাত আক্ৰান্ত।

শনিবাৰৰ দিনটোত মুঠ ৩০ গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত।

ইয়াৰে দুজনৰ লক্ষণ থকাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হৈছে আৰু বাকি ২৮ গৰাকীক হোম কোয়াৰেন্টাইন কৰিছে।

কয়দী দুজন ড্ৰাগছ সৰবৰাহকাৰী বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে নিশা লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ অঞ্চলত এক অভিযান চলাই অনিন্দম ধৰ আৰু আব্দুল কালাম নামৰ দুজন যুবকক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।