কাজিৰঙাত অচিৰেই উচ্ছেদ হ’ব এনিমেল ক’ৰিডৰত থকা অবৈধ নিৰ্মাণ

October 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শীঘ্ৰেই উচ্ছেদ অভিযান চলিব পাৰে কাজিৰঙাৰ এনিমেল ক’ৰিডৰৰ অবৈধ নিৰ্মাণত।

২০০৯ চনৰ পিছত সকলো নিৰ্মাণ কাৰ্য আঁতোৰোৱাৰ নিৰ্দেশ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এতিয়া সষ্টম হৈছে বন বিভাগ আৰু প্ৰশাসন।

বিশ্বৰ ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯ টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণ কাৰ্য্যক লৈ কঠোৰ হৈছে এতিয়া উচ্চতম ন্যায়ালয়।

যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই ক’ৰিডৰসমূহত চলা নিৰ্মাণ কাৰ্য ধ্বংস কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য জীৱ-জন্তু আহ-যাহ কৰাৰ স্থান হিচাপে পাণবাৰী, হালধী বাৰী, কাঞ্চনজুৰি, দেউচোৰ, চিৰাং, আমগুৰি, শিলজুৰি, বাবৰি, হাৰমতি আদি স্পৰ্শকাতৰ এনিমেল ক’ৰিডৰ হিচাপে চিহ্নিত কৰা হৈছে।