কাজিৰঙাত আৰক্ষীৰ বাহনতে ওলাল আঘাতপ্ৰাপ্ত পহু! আটক হেণ্ডিমেন

September 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নৱম অসম আৰক্ষী বেটেলিয়নৰ বাছত উদ্ধাৰ হ’ল এটা আঘাটপ্ৰাপ্ত পহু।

মঙলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘটিল এই ঘটনা।

আৰক্ষীৰ বাহনত পহু উদ্ধাৰৰ পাছতেই আৰক্ষী আৰু বন বিভাগৰ বিষয়া কৰ্মীৰ মাজত হৈ-চৈ লাগিল।

ডেৰগাঁৱৰ পৰা বৰহমপুৰ অভিমুখে আহি আছিল ৯ এপিবিএমৰ বাছখন।

কাঞ্চনজুৰি নামৰ ঠাইত বনবিভাগৰ তালাচী অভিযানত বাছখনত উদ্ধাৰ হ’ল আঘাটপ্ৰাপ্ত পহুটো। লগে লগে বাছখনৰ চালক হেমন্ত সন্দিকৈক আটক কৰে।

বাহনখনৰ চালকজনৰ মতে, পথত পোৱা আঘাটপ্ৰাপ্ত পহুটো তেওঁ বন বিভাগক গতাই দিব বিচাৰিছিল।

একেই ভাষ্য ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াজনৰো।

আনহাতে বন বিভাগৰ বিষয়াৰ ভাষ্য মতে সুকীয়া। ইতিমধ্যে আৰক্ষীয়ে বাছখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।