কাজিৰঙাত কেমেৰাত বন্দী বিৰল প্ৰজাতিৰ বগা হৰিণা…

June 15, 2021 0 By Biraj Kalita

কেমেৰাত বন্দী বিৰল প্ৰজাতিৰ বগা হৰিণা।

এগৰাকী প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্দী হৈছে প্ৰকৃতিৰ এই বিৰল ছবি।

কাজিৰঙাত দৃশ্যমান বগা হৰিণা

ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত দৃশ‍্যমান হোৱা বগা ৰঙৰ বিৰল হৰিণাই ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰজাতিবিধক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন-আন হৰিণাৰ জাকৰ মাজত চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক জয়ন্ত কুমাৰ শৰ্মাৰ কেমেৰাত।

কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত।

হ’ব পাৰে ই বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ নৱতম সংযোজন।

কিন্তু পৰিশিলীত অনুসন্ধান আৰু অধ্যয়নৰ জৰিয়তেহে উন্মোচিত হ’ব বগা হৰিণৰ ৰহস‍্য৷

জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ’ব এই হৰিণৰ নৱতম আশ্ৰয়ভূমি।

লগতে চাওকঃ

৮ ঘণ্টা জোৰা অভিযান! ১৮০ ফুট গভীৰ গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু