কাজিৰঙাত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত এটা বাঘ, এজন কৰ্মচাৰীক নিলম্বন…
June 29, 2021কাজিৰঙাত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত এটা বাঘ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই মঙলবাৰে এটা ৰয়েল বেংগল টাইগাৰ গুলিয়াই হত্যা কৰাৰ অভিযোগত উদ্যানখনৰ এজন কৰ্মচাৰীক নিলম্বন কৰে৷
কৰ্মচাৰীজনৰ বন্দুকৰ পৰা দুৰ্ঘটনাক্ৰমে কৰা গুলীচালনাত দহ বছৰীয়া বাঘটোৰ মৃত্যু হৈছিল৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি ১৮ জুনত ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা প্ৰান্তীয় এলেকাৰ জাপৰি পথাৰৰ ওচৰত এটা মতা বাঘৰ মৃতদেহ পোৱা গৈছিল।
উদ্যান কৰ্তৃপক্ষই ঘটনাৰ তদন্ত চলাই নিৰাপত্তাৰক্ষীয়ে বাঘটোক ভয় খুৱাবলৈ গুলীবৰ্ষণ কৰা সময়ত মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰেও দহ বছৰীয়া ৰয়েল বেংগল টাইগাৰটোৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ নিৰাপত্তাৰক্ষীজনৰ গুলীচালনাত বাঘটোৰ মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰে৷
অৱশ্যে, তেওঁ বাঘ ওলোৱা অঞ্চলটো জনবহুল হোৱাৰ বাবে নিৰাপত্তাৰক্ষীজনে বাঘটোক সেই স্থানৰ পৰা ভয় খুৱাই আঁতৰাবলৈহে গুলীবৰ্ষণ কৰিছিল বুলি উল্লেখ কৰে৷
কিন্তু দুৰ্ভাগ্যৱশতঃ নিৰাপত্তাৰক্ষীজনৰ গুলীয়ে বাঘটোক আঘাত কৰে আৰু যাৰ ফলত বাঘটোৰ মৃত্যু হয়।
আনহাতে, বাঘটোৱে মৃত্যু হোৱাৰ এদিন পূৰ্বে নিশা উদ্যানৰ কাষৰ গাঁওখনৰ পৰা এটা পশুধন চিকাৰ কৰাৰো কথা জানিব পৰা হৈছে।
ইয়াৰ পূৰ্বে 5 জুনত উদ্যান কৰ্তৃপক্ষই এজনী মাইকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰিছিল৷ উক্ত বাঘটোৰ মৃত্যু আন এটা বাঘৰ আক্ৰমণত হোৱা বুলি জানিব পৰা হৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত এমাহত বাঘৰ মৃত্যু হোৱা এইটো দ্বিতীয় ঘটনা