কাজিৰঙাত বনকৰ্মীৰ গুলীত মৃত্যু ঢেকীয়াপতীয়া বাঘৰ…

June 19, 2021 0 By Biraj Kalita

কাজিৰঙাত বনকৰ্মীৰ গুলীত মৃত্যু ঢেকীয়াপতীয়া বাঘৰ।

বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।

ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰ গাওঁৰ বাসিন্দাই আজি পুৱা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে উদ্যানৰ কাষৰ জাপৰিপথাৰ, কুৰুৱাৰী এলেকাত এলেকাত সন্ত্ৰাস চলোৱাৰ লগতে ভক্ষণ কৰিছিল পশুধন।

পৰবৰ্তী সময়ত উদ্যান কৰ্তৃপক্ষক খবৰ দিয়াত বনকৰ্মীয়ে বাঘটো উদ্যান লৈ খেদি পঠাবলৈ চেষ্টা কৰে যদিও সক্ষম নহয়।

অৱশেষত বাঘটো খেদিবলৈ বনকৰ্মী য়ে কেইবাজাইও গুলীও ফুটাবলগীয়া হয়।

নকৰ্মীয়ে মৰা এনে গুলীয়ে আহত কৰে বাঘটোক আৰু ঘটনাস্থলীৰ নাতিদূৰতে বাঘটোৱে মৃত্যুক সাৱটি লয়।

মৰণোত্তৰ পৰীক্ষাত বাঘটোৰ শৰীৰত গুলীৰ আঘাতৰ চিন পোৱা হয় আৰু বাঘটোৰ গুলীৰ আঘাততেই মৃত্যু হোৱা বুলি পশু চিকিৎসকে জনায়।

বনকৰ্মীৰ গুলীত কেনেকৈ ঢেকীয়াপতীয়া বাঘটো মৰিবলৈ পালে সেই সম্পৰ্কত তদন্তও আৰম্ভ কৰিছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।