কাজিৰঙাত বন শিবিৰৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ এজন বনকর্মী…

July 8, 2021 0 By Biraj Kalita

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ মাজত অৱস্থিত বন শিবিৰৰ পৰা এজন বনকৰ্মী ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ খবৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

ৰহস্যজনকভাৱে নোহোৱা হৈছে বনকৰ্মী ৱাহিদুৰ ৰহমান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হৈছে বনকৰ্মীজন।

বাগৰি বনাঞ্চলৰ আমকাঠনী বন শিবিৰত কৰ্মৰত আছিল বনকৰ্মীজন।

কামৰূপৰ বকো নিবাসী ৪৫ বছৰীয়া সুৰক্ষাকর্মী ৱাহিদুৰ ৰহমান বুধবাৰৰ পুৱতি নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে।

উল্লেখ্য যে, ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জানিব দিয়া অনুসৰি মঙলবাৰৰ নিশাৰ পৰা বন শিবিৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৱাহিদুৰ ৰহমান।

বৰ্তমান বনকৰ্মীজনৰ সন্ধানত উদ্যান কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই।

২০১৩ বৰ্ষৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুৰক্ষাৰ কাম কৰি আহিছিল বনকৰ্মীজনে।

ইতিমধ্যে বন বিষয়া বিবিত দিহিঙীয়াই বনকৰ্মীজন নিৰুদ্দেশ হোৱাৰ কথা বাগৰি আৰক্ষীক অৱগত কৰিছে।