কাজিৰঙাৰ পৰা ওলাই অহা ম’হৰ আক্ৰমণত আহত দুই শিশু

February 12, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হ আতংকত ত্ৰস্তমান পাৰ্শ্বৱৰ্তী অঞ্চলৰ বাসিন্দাসকল।

এইবাৰ বিশ্বনাথৰ ২নং গোলাকটাত বনৰীয়া ম’হৰ আক্ৰমণত আহত হ’ল দুটি ১২ বছৰীয়া শিশু।

জানিব পৰা মতে, বিশ্বনাথৰ ২নং গোলাকটাত বনৰীয়া ম’হৰ আক্ৰমণত আহত এটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জাবেদ আলী নামৰ এই শিশুটিক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, বিশ্বনাথৰ পূব ভিৰ গাঁৱৰ ১নং জাপৰি গাঁৱত সৰিয়হৰ খেতিত সোমাই আছিল বনৰীয়া ম’হটো।

তেনে সময়তে দুই শিশুৱে নিজৰ ছাগলি এৰাল দিবলৈ গৈছিল ২নং গোলাকটাত। সেই সময়তে বনৰীয়া মহটোৱে আক্ৰমণ কৰিছিল।

ইপিনে, বন বিভাগৰ লোকে বনৰীয়া ম’হটো সেই স্থানৰ পৰা খেদি পঠিওৱাত ম’হটো উপস্থিত হৈছিল ২নং গোলাকাটাত।

বৰ্তমান বন বিভাগৰ দল অঞ্চলটোত ফটকা ফুটাই বনৰীয়া মহটো নিৰাপদ স্থানলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা অব্যাহত ৰাখিছে।