কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পহুৰ মৃতদেহ উদ্ধাৰ
August 30, 2021নিউজ ডেস্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৰিণা পহুৰ মৃতদেহ উদ্ধাৰ।
কলিয়াবৰৰ পাৰ্শ্বৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১নং শিলডুবি গাঁৱত সোমবাৰে উদ্ধাৰ হৈছে এগৰাকী মাইকী পহুৰ মৃতদেহ।
স্থানীয় যুৱকৰ খবৰৰ ভিত্তিত উদ্যান কৰ্তৃপক্ষই উদ্ধাৰ কৰে মাইকী পহুৰ মৃতদেহটো।
কোনো দুষ্কৃতিকাৰীয়ে চিকাৰ বাবে চেষ্টা চলোৱাৰ বাবেই পহুটো মৃত্যুৰ মুখত পৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যাখনৰ কৰ্তৃপক্ষই।
এটা গোচৰ পঞ্জীয়ন কৰি পহুজনীৰ মৃত্যু সম্পৰ্কত অনুসন্ধান আৰম্ভ কৰিছে বন বিভাগে।