কাঠ আলু খাই এজনৰ মৃত্যু, চিকিৎসাধীন ২ জন

January 7, 2022 0 By NEWS DESK

ওদালগুৰিৰ ডিমাকুছিত বিষাক্ত কাঠ আলু খাই এজনৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক চিকিৎসাধীন হ’বলগীয়া হৈছে।

ডিমাকুছিৰ আটেৰিখাট চাহ বাগিচাত কাঠআলু সদৃশ বনৰীয়া আলু খাই সুকচন কচিম নামৰ এজন লোকৰ মৃত্যু হয়।

আনহাতে, গুমতি কচিম আৰু পাৱেল কুলদীপ নামৰ আন দুগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে ৰাম কচিম নামৰ ব্যক্তিজনে আটাৰিখাত বজাৰৰ পৰা আলু এজন ব্যৱসায়ীৰ পৰা কিনি আনি আজি ৰাতিপুৱা চাহৰ লগত সিজাই খাইছিল।

কিন্তু দুৰ্ভাগ্যজনক, সেইটো খোৱাৰ বাবে উপযুক্ত কাঠ আলু নাছিল।

আলু খোৱাৰ পিছৰে পৰাই বিষক্ৰিয়া আৰম্ভ হৈ বমি হৈছিল।

লগে লগে পৰিয়ালৰ লোকে আটাৰিখাট চাহ বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সুকচন কাচিম নামৰ লোকজনৰ চিকিৎসালয়তে মৃত্যু হয়।

লগতে চাওকঃ চান্দা তুলি শিল্পীক ধন দিব নালাগেঃ জুবিন গাৰ্গ