কামাখ্যা দেৱালয় দৰ্শন কৰি আশিস ল’লে বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে…

July 12, 2021 0 By Biraj Kalita

এক বিশেষ কাৰ্যসূচী হাতত লৈ সম্প্ৰতি অসমত আছে বলীউডৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান।

দেওবাৰে অভিনেত্ৰীগৰাকীয়ে শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰি মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে।

এযোৰ শুভ্ৰ পোছাকেৰে মা কামাখ্যাৰ আশিস গ্ৰহণৰ সময়ত যথেষ্ট আপ্লুত হোৱা দেখা যায় অভিনেত্ৰীগৰাকীক।

এই ভ্ৰমণৰ সময়ছোৱাত অভিনেত্ৰী ছাৰাক দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।

মন্দিৰ দৰ্শনৰ পাছতেই অভিনেত্ৰীগৰাকী পোনে পোনে উপস্থিত হয়গৈ মালিগাঁৱৰ পাণ্ডু ঘাটত। তাত অভিনেত্ৰীগৰাকীয়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰৰ আমেজ লয়।

উল্লেখ্য যে ‘বীৰাঙ্গনা’ শীৰ্ষক এখন তথ্যচিত্ৰত অভিনয়ৰ বাবে শুক্ৰবাৰে অসমত উপস্থিত হৈছিল ছ‌ইফ আলী খান তনয়া তথা বলীউডৰ বিশিষ্ট অভিনেত্ৰী ছাৰা আলী খান।