কামাখ্যা-যোগীঘােপা ৰে’লপথত মালবাহী ৰে’লৰ খুন্দাত মৃত্যু বনৰীয়া হাতীৰ
January 27, 2022নিউজ ডেস্ক। পুনৰ ৰে’লৰ চেপাত কৰুণ মৃত্যু গজৰাজৰ।
এইবাৰ ঘটনাৰ স্থান মহানগৰীৰ পাৰ্শ্বৱৰ্তী পলাশবাৰী সমষ্টিৰ গোঁসাইহাটত উপাৰপাৰা। কামাখ্যা-যোগীঘোপা সংযোগী ৰে’ল লাইনত সংঘটিত হয় এই ঘটনা।
এই ঘটনাত আন এটা বনৰীয়া হাতী আহত হয়।
জানিব পৰা মতে, সমীপৰে ৰাণীৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল এটা হাতীৰ জাক।
হাতীৰ জাকটোৱে ৰে’ল লাইন পাৰ হৈ যায় যদিও দুটা হাতী পাৰ হৈ যাবলৈ ধৰোতে গুৱাহাটীৰ পৰা নামনিমুৱা মালবাহী ৰে’লখনে দুটা হাতীক খুন্দা মৰাৰ ফলত এটা ৭ বছৰীয়া হাতীৰ পোৱালি মৃত্যু হয় আৰু আনটো হাতী আহত হয়।
মৃত হাতীটোক ৰে’লখনে বহু দূৰলৈ মহতিয়াই অনাৰ লগতে আঘাতপ্ৰাপ্ত হাতীটোৱে পুনৰ পাহাৰৰ জংঘলৰ মাজেৰে সোমাই যায়।
নিশা বন বিভাগ আৰু ৰে’ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতহাতীটো ৰে’ললাইনৰ পৰা আঁতৰাই ৰে’ললাইনটো মুকলাই দিয়ে আৰু পৰৱৰ্তী সময়ত সেই স্থানতে হাতীটোৰ মৃতদেহ গাঁত খান্দি পুতি দিয়ে।