কামৰূপ জিলাত প্লাষ্টিক বেগ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ জিলা উপায়ুক্তৰ…

July 1, 2021 0 By Biraj Kalita

কামৰূপ জিলাত প্লাষ্টিক বেগ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ।

দুমাহৰ বাবে জিলাখনত নিষেধাজ্ঞা জাৰি কৰিছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে।

প্লাষ্টিক বেগ ব্যৱহাৰ তথা ক্ৰয়-বিক্ৰয়ৰ ওপৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা।

কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে এক নিৰ্দেশযোগে সকলো ধৰণৰ পুনৰ নৱীকৰণ বা নতুনকৈ প্ৰস্তুত কৰা সামগ্ৰী কঢ়িওৱা প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু কিনা-বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িায়াই অনাৰ পৰিপ্ৰেক্ষিতত এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে 

বিশেষ অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানি ভিত্তিক গোটত থকা প্লাষ্টিক উদ্যোগত কেৱল ৰপ্তানি জনিত কাৰণত প্ৰস্তুত কৰা প্লাষ্টিক বেগৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব এই নিষেধাজ্ঞা।

সেইদৰে প্ৰস্তুত কৰণ বা প্ৰক্ৰিয়াকৰণ গোটত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পেকেজিং কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় ৰূপে চিহ্নিত হোৱা প্লাষ্টিক বেগ, বহুখলপীয়া ফিল্ম বা চিট সামগ্ৰী কঢ়িওৱা বেগ, বন পালন আৰু উদ্যান শস্যৰ নাছাৰ্ৰিত কোনো চৰকাৰী বিভাগ বা ফাৰ্মে দিয়া অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বেগ বা চিটৰ ক্ষেত্ৰত আৰু ঔষধ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব।

এই আদেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব।