কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ অতিৰিক্ত অভিযোগনামা দাখিল NIAৰ…
June 29, 2021অখিল গগৈৰ বিৰুদ্ধে পুনৰ অতিৰিক্ত অভিযোগনামা দাখিল NIAৰ।
NIA ৰ অধীনত গোচৰ চলি থকা অখিল গগৈৰ মুকলি আকাশৰ তললৈ অহা পথ যেন পুনৰ কন্টকময় হৈ পৰিছে।
চানমাৰি থানাৰ ১৩/২০ নম্বৰ গোচৰটো NIA ই স্পেচিয়েল গোচৰ চলাই আছে।
এই গোচৰটোৰ চাৰ্জ ফ্ৰেম শুনানিৰ শেষ মুহূৰ্তত আজি NIA ই অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে
নাম ঠিকনা গোপনে ৰখা বেনামী সাক্ষীৰ ভিত্তিত NIA ই এই অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে।
কাইলৈ এই গোচৰটোত NIA ৰ যুক্তিপ্ৰদৰ্শন আছে। কিন্তু তাৰ পূৰ্বে মঙলবাৰে পুনৰ দাখিল কৰা হ’ল অতিৰিক্ত অভিযোগ নামা।
গুৱাহাটীৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছে।
সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে NIA এ ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজৰ দলে।
ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই কয়- আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ আগত যাতে অখিল গগৈ কাৰাগাৰৰ পৰা বাহিৰ ওলাব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে।