কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ’ৰ দেহাৱসান…

July 8, 2021 0 By Biraj Kalita

কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ’ৰ দেহাৱসান।

মৃত্যুৰ সময়ত নেতা গৰাকীৰ বয়স আছিল ৫৯ বছৰ।

ৰবিনচন ক্ৰ’ লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ নির্বাচিত হৈছিল।

শাৰীৰিক অসুস্থতাত ভূগি থকা নেতাগৰাকীয়ে ডিমাপুৰৰ ৰেফাৰেল চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অবস্থাতে নিশা প্রায় দুইমান বজাত শেষ নিশ্বাস ত্যাগ কৰে।

পুৱাৰ ভাগতে জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শােকৰ ছাঁ পৰে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদেও বুধবাৰে প্রয়াত নেতাগৰাকীলৈ সন্মান জনাই পৰিষদৰ কার্যালয় অৰ্ধছুটী ঘােষণা কৰে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নেতাগৰাকীৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰাৰ লগতে তেখেতৰ বাসগৃহত উপস্থিত হৈ প্রয়াত নেতাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে।