কাৰ্যবাহী দণ্ডাধীশক কাণতলীয়া চৰ অ’চি ছাৰৰ, তাৰ পিছত…

March 8, 2022 0 By Biraj Kalita

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক আজৱ ঘটনা।

এজাহাৰ দাখিল কৰিবলৈ যোৱা কাৰ্যবাহী কাৰ্যবাহী দণ্ডাধীশক কাণতলীয়া চৰ সোধালে অ’চি ছাৰে।

এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ সাতগাঁও থানাত।

জানিব পৰা মতে, দক্ষিণ শালমাৰা জিলাৰ কাৰ্যবাহী দণ্ডাধীশ তথা নির্বাচনী বিষয়া বিভাস মেধিয়ে সোমবাৰে মাটি সংক্রান্তীয় এটা ঘটনাক লৈ এজাহাৰ দাখিল কৰিবলৈ গৈছিল সাতগাঁও থানালৈ।

কিন্তু সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰে থানা চৌহদত কাৰ্যবাহী দণ্ডাধীশজনক অভদ্র আচৰণ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

খবৰ অনুসৰি কিছুদিন পূৰ্বৰে পৰা সাতগাঁও থানাৰ অন্তৰ্গত দলবাৰীৰ কোনো অচিনাক্ত লোকে ফোনযোগে দণ্ডাধীশজনক ভাবুকি দি আহিছিল। এই সন্দৰ্ভত সাতগাঁও থানাত অৱগত কৰিবলৈ অহাৰ সময়তে শাৰীৰিকভাৱে প্ৰহৃত হ’বলগীয়া হয় দণ্ডাধীশ বিভাস মেধি।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত দণ্ডাধীশজনে গুৱাহাটী আৰক্ষী আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰি।

উক্ত এজাহাৰৰ ভিত্তিত গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে অভিযুক্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰৰ ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ দিয়ে। লগতে আৰক্ষী আয়ুক্তই প্ৰাণজিৎ লহকৰৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নির্দেশ দিছে।

এচিপি নীলোৎপল ডেকাক এই ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছে আৰু তিনি দিনৰ ভিতৰত তদন্তৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে।