কিছু হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণঃ গুৱাহাটীত সন্ধিয়া ৬ বজাৰ পৰা হ’ব পাৰে সান্ধ্য আইন…

June 22, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ।

অবশ্যে গুৱাহাটী মহানগৰীত কিছু পৰিমানে হ্ৰাস পাইছে কৰ’ণাৰ সংক্ৰমণ।

যাৰ পৰিপেক্ষিতত মহানগৰীত সান্ধ্য আইনৰ শিথিল কৰাৰ সম্ভাৱনা।

গুৱাহাটীত ২বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬বজাৰ পৰা হ’ব পাৰে সান্ধ্য আইন।

দোকান পোহাৰ ৫‌ বজালৈ খুলাৰ অনুমতি প্ৰদান‌ কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা হ’ব পাৰে সান্ধ্য আইন।

এক বিশেষ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।

উল্লেখ্য যে কৰ’ণাৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে।