কিডনীৰ অবৈধ বজাৰঃ আলু পিঁয়াজৰ বজাৰৰ দৰেই যেন সুলভ মানৱ দেহৰ অংগ ব্যৱসায়ী…

July 12, 2021 0 By Biraj Kalita

এক অবিশ্বাস্য, অকল্পনীয় ঘটনা।

মৰিগাঁৱৰ এখন গাঁৱত ঘৰে ঘৰে বিক্ৰী হৈছে কিডনী।

দক্ষিণ ধৰমতুল গাঁৱৰ একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰিছে দুষ্টচক্ৰই৷

অঞ্চলটোৰ একাংশ দৰিদ্ৰ লোকক ধনৰ প্ৰলোভনেৰে দেহৰ অংগ দান কৰাত নমাইছে এটা বৃহৎ চক্ৰই।

 দীৰ্ঘদিন ধৰি মানৱ দেহৰ অংগৰ বেহা চলাই নিয়া মাষ্টৰ মাইণ্ড অৱশেষত পৰিল ৰাইজৰ ৰোষত।

এই  চক্ৰটোৰ লগত গুৱাহাটী মহানগৰীৰ লখৰা অঞ্চলৰ লিলিমাই বড়ো নামৰ এগৰাকী মহিলা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

ৰমেন মেধি নামৰ এগৰাকী লোকৰ লগতে আন কেইবাজনো এজেণ্ট নিয়োগ কৰি কিডনী দানৰ নামত ব্যৱসায় চলাই আহিছে এইগৰাকী হাইপ্ৰফাইল মহিলাই।

ইতিমধ্যে অঞ্চলটোৰ প্ৰায় ১৫/২০ গৰাকী পুৰুষ আৰু মহিলাক এই জালত পেলাবলৈ সক্ষম হৈছে অপৰাধী চক্ৰটোৱে৷

কেইবাগৰাকী লোকক কলিকতালৈ নি কিডনী দান কৰাই চৰ্ত অনুসৰি ধন আদায় নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে।

শনিবাৰেও কেইবাগৰাকী লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজৰ ৰোষত পৰে মহিলাগৰাকী 

গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত মাষ্টাৰ মাইণ্ড লিলিমাই বড়োক নেলী আৰক্ষীয়ে অটক কৰিবলৈ সক্ষম হয়।

মহিলাগৰাকীৰ পৰা চেক বুক আৰু নগদ 41000/- টকা উদ্ধাৰ হয়।

5-6 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতিত অংগ বিক্ৰী কৰাৰ পাছত বন্দবস্ত কৰা মূল্য নাপাই এজন ভুক্তভোগী কিডনী বিক্ৰেতাই এই কথা পোহৰলৈ আনে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে নেলী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।