কিমিন সীমান্ত সমস্যাঃ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক…

June 23, 2021 0 By Biraj Kalita

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত ১৭ টা পথ প্ৰকল্প উদ্বোধন কৰাৰ কেইদিনমান পিছতে, বিআৰঅ’ই অৰুণাচল প্ৰদেশৰ কিমিনক অসমৰ অংশ হিচাপে দেখুওৱা পদক্ষেপক লৈ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পথ উদ্বোধন অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।

অৱশ্যে, অনুষ্ঠানটো আয়োজন কৰা বিআৰঅ’য়ে অনুষ্ঠানস্থলীত লগোৱা সকলো ছাইনবোৰ্ড আৰু বেনাৰত কিমিনক অসমৰ অংশ হিচাপে উল্লেখ কৰিছিল। ইয়াৰ লগতে দেখা গৈছিল যে, অৰুণাচল প্ৰদেশৰ কথা উল্লেখ কৰা ছাইনবোৰ্ড আৰু বেনাৰবোৰ পিছত বগা ৰঙেৰে ঢাকি দিয়া হৈছিল।

অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন, নাইচি ছাত্ৰ সংগঠন, আদি বানে কেবাঙৰ দৰে সংগঠনে পাপুম্পাৰে জিলাৰ অৰুণাচল প্ৰদেশৰ অন্যতম পুৰণি প্ৰশাসনিক মুখ্য কাৰ্যালয় কিমিনক অসমৰ অংশ বুলি অভিহিত কৰা বিআৰঅ’ৰ কাৰ্যৰ ওপৰত তীব্ৰ আপত্তি উত্থাপন কৰিছে।

সোমবাৰে কেইবাটাও ছাত্ৰ সংগঠনে সীমান্ত ৰাজ্যখনৰ বিআৰঅ’ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিআৰঅ’ৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

ঘটনা সন্দৰ্ভত বুধবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিমিন সীমান্ত সমস্যা সমাধানৰ বাবে বৈঠকত মিলিত হ’ব।

প্ৰতিবেদন অনুসৰি, অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আদালতৰ বাহিৰত কিমিন সীমান্ত সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ প্ৰস্তাৱ দিছে।

ইফালে, অৰুণাচল আৰু অসমৰ মাজৰ সীমা বিবাদ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন।

অৰুণাচলৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে কয়, ‘মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসম-অৰুণাচল সীমা সমস্যা আদালতৰ বাহিৰত সমাধান কৰাৰ প্ৰস্তাৱ দিছো। অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱটোত সন্মত হৈছে, আৰু তেওঁ আশ্বাস দিছিল যে সীমা সমস্যা সমাধানৰ বাবে বৈঠক অনুষ্ঠিত কৰাৰ আগতে তেওঁ ইয়াক ভালদৰে অধ্যয়ন কৰিব।’