কিশােৰী সন্ধানহীন

November 24, 2021 0 By NEWS DESK

বিগত ডেৰমাহ ধৰি সন্ধান নাই জাগীৰোডৰ নেলীৰ পৰা সন্ধানহীন হোৱা এগৰাকী কিশোৰীৰ।

আৰক্ষীয়েও কোনো সন্ধান উলিয়াব পৰা নাই তনজিমা বেগম নামৰ কিশোৰীগৰাকীৰ।

যোৱা অক্টোবৰ মাহৰ ৪ তাৰিখে নেলীৰ ভোগডুবা হাবীৰ চাহেদ আলীৰ কন্যা তনজিমা বেগম ঘৰৰ পৰা নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি সন্ধান উলিয়াব নোৱাৰি অৱশেষত নেলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আজি ডেৰমাহ ধৰি আৰক্ষীয়েও কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল কিশোৰীগৰাকীৰ।

অসহায় পৰিয়ালটিয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক আহ্বান জনাইছে- কোনো লোকে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰিলে পৰিয়াল অথা ওচৰৰ আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাই।