কিশােৰী সন্ধানহীন

August 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ তালাপত এঘাৰ দিনে সন্ধান নাই এগৰাকী কিশােৰীৰ।

স্থানীয় প্ৰয়াত জাকিৰ হুছেইন আৰু প্ৰয়াত ছালিমা বেগমৰ কন্যা জেছমিন খাতুন যোৱা ২০ আগষ্ট তাৰিখৰ পৰা দিনৰ প্ৰায় ১০ মান বজাত ঘৰৰ পৰা সন্ধানহীন হোৱা বুলি কিশোৰীগৰাকীৰ আত্মীয়ই জানিবলৈ দিয়ে।

সংবাদ মাধ্যমক জনোৱা অনুসৰি, পৰিয়ালৰ সকলো আত্মীয়-কুটুম্বৰ ঘৰত বিচাৰ-খোচাৰ কৰি কোনো সন্ধান লাভ কৰিব নোৱাৰি তালাপ আৰক্ষী চকীতে উক্ত ঘটনা সম্পৰ্কে এখন জাননি দাখিল কৰে।

কিন্তু আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত পৰিয়ালে সংবাদ মাধ্যমৰ কাষ চাপে।

কোনো সদাশয় ব্যক্তিয়ে কিশোৰীগৰাকীৰ কিবা সন্ধান পালে ৬৯০০২-১৭২৬১ নম্বৰত যোগাযোগ কৰিবলৈ আত্মীয়ই কাতৰ অনুৰোধ জনাইছে।