কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙাঘৰত লম্পট
August 7, 2021নিউজ ডেস্ক। এগৰাকী ১৫ বছৰীয়া কিশােৰীক অসৎ চৰিতাৰ্থ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল এজন লম্পট।
বাক্সাৰ শালবাৰীত ফাতেমাবাদ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।
বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাত পোন্ধৰ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায় ওচৰৰে সুৰেশ চাংগা নামৰ লোকজনে।
নিশা হাতত চোকা অস্ত্ৰ লৈ প্ৰাণে মৰাৰ ভাবুকী দি ধৰ্ষণৰ অপচেষ্টা চলায় লম্পট সুৰেশ চাংগাই।
পিছত কিশোৰী গৰাকীৰ মাতৃয়ে চিঞৰ-বাখৰ কৰাত কিশোৰীগৰাকীৰ লগতে মাতৃক মাৰ-ধৰ কৰি পলায়ন কৰে লম্পট সুৰেশ চাংগা।
ইতিমধ্যে, পৰিয়ালৰ লোকে আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত শুকুৰবাৰে বাঁহবাৰী আৰক্ষীয়ে ধৃত লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।