কিশোৰীক ধৰ্ষণ-হত্যাৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
December 16, 2021নিউজ ডেস্ক। কামৰূপ জিলাৰ বকোৰ হাতীচৰাত যোৱা ১২ ডিচেম্বৰত সংঘটিত হৈছিল এক জঘন্য ঘটনা।
অভিযােগ অনুসৰি, বামুণবড়ীৰ তাইজুদ্দিন নামৰ এজন যুৱকে দেওবাৰে নিশা হাতীচৰাৰ এগৰাকী কিশোৰীক ঘৰত মাক দেউতাক কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বকভাৱে বাইকত উঠাই নি ধৰ্ষণ কৰি হত্যা কৰে।
এই সন্দৰ্ভত দুৰ্ভগীয়া কিশােৰী গৰাকীৰ পৰিয়ালৰ লােকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হােৱা তাইজুদ্দিনৰ পৰিয়ালে কিশোৰীগৰাকীৰ মৃত্যু এক দুৰ্ঘটনাত হোৱা বুলি দাবী কৰিছে যদিও আৰক্ষীয়ে এই কথা নস্যাৎ কৰিছে।
উল্লেখ যে সোমবাৰে কিশোৰী গৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি জানাজা সম্পন্ন কৰা হৈছে যদিও এতিয়াও অঞ্চলজুৰি চাঞ্চল্য অব্যাহত আছে।
কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বকো আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া ননীগোপাল সৰকাৰৰ নেতৃত্বত এটি দলে এই জঘন্য ঘটনাৰ লগত জড়িত দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত দুজন হ’ল – তাইজুদ্দিন আলী(২২), চহিদুল আলী(২২)।
জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা দুয়োজন অভিযুক্তক ইতিমধ্যে বকো আৰক্ষীয়ে জে’ল হাজোতলৈ প্ৰেৰন কৰিছে।
লগতে চাওকঃ
হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু, ভাইৰেল তেখেতে লিখা এখন প্ৰত্ৰ