কিশোৰ নিৰুদ্দেশ

November 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চৰাইদেও জিলাৰ বৰহাটৰ বৰপাত্ৰ চাহ বাগিচাত এগৰাকী কিশোৰ নিৰুদ্দেশ।

বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত এজন কিশোৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী মতে, বৰহাটৰ বৰপাত্ৰ চাহ বাগিচাৰ শ্ৰমিক গোবিন্দ গৌৰৰ চৈধ্য বছৰীয়া পুত্ৰ ত্ৰিনাথ গৌৰ ঘৰৰ পৰা ওলাই যোৱাৰ পথত নিৰুদ্দেশ হয়।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কোনো লোকে উক্ত কিশোৰজনৰ সম্ভেদ লাভ কৰিলে ৬০০৩৮-০০৯৫৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

লগতে চাওকঃ

ভয়াৱহ পথ দুৰ্ঘটনাত দুই প্ৰতিভাৱান মডেলৰ শােকাৱহ মৃত্যু