কিশোৰ নিৰুদ্দেশ

September 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোৱালপাৰাৰ ভাটিপাৰাৰ কিশোৰ নিৰুদ্দেশ।

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ভাটিপাৰা গাঁৱৰ হমেজ আলীৰ পুত্ৰ ছানীদুল ইছলাম যোৱা ২০ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে জনোৱা মতে, ২০ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই কিশোৰগৰাকী নিৰুদ্দেশ হৈ আছে।

বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো ধৰণৰ শুংসূত্ৰ নাপায় এতিয়া পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে।

এই সম্পৰ্কত হমেজ আলীয়ে মৰনৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কোনো লোকে কিশোৰগৰাকীৰ সন্ধান পালে ৬০০২১-৩৯৬১১ অথবা আৰক্ষীক জনাবলৈ অনুৰোধ জনাইছে।