কি দৰে অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা? সৱিশেষ চাওক…
June 12, 2021মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ।
১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হব মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সমূহ।
দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰাজ্যত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিব পৰীক্ষা।
পৰীক্ষা অনুষ্ঠিত কৰাত সহযোগ কৰিব শিক্ষা আৰু স্বাস্থ্য বিভাগে।
৪টা বিষয়েৰে ২৫ নম্বৰত অনুষ্ঠিত হব পৰীক্ষা।
লৰা আৰু ছোৱালীৰ বাবে হ’ব পৃথকে প্ৰশ্নকাকত।
ছেবা ৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।
অৱশ্যে বৰ্তমানলৈ এই সিদ্ধান্ত লোৱা নাই যে, কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হব। ১ নম্বৰৰ প্ৰশ্নৰেও পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা।
ছাত্ৰ-ছাত্ৰী সকলে কেৱল ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজবিজ্ঞান বিষয়ৰ পৰীক্ষা দিব লাগিব।
অসমীয়া আৰু ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত নহয়।
পৰীকক্ষাৰ বাবে সময় থাকিব ৭৫ মিনিট।
হায়াৰ চেকেণ্ডাৰীৰো বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লৈছে সকলো নীতি।
কেউটা বিভাগতে বিশেষ বিষয় বাছনি কৰি দিব। সকলো বিষয়ৰে পৰীক্ষা দিব নালাগে পৰীক্ষাৰ্থীয়ে।
উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান ,ৰাসায়ন বিজ্ঞান হব বাধ্যতামূলক