কি হ’ব মাইক্ৰ’ফাইনেন্সৰ ঋণ? আজিৰ বাজেটত ঋণ মাফক লৈ বৃহৎ ঘোষণাৰ সম্ভাৱনা…
July 16, 2021আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চমটো দিন।
আজিৰ দিনটোতে অসমৰ লাভ লাখ মহিলালৈ আহিব পাৰে পাৰে ভাল খবৰ।
আজিৰ বাজেটত মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত বৃহৎ ঘোষণাৰ সম্ভাৱনা।
আজি সন্ধিয়া ৩ বজাত দাখিল হ’বলগীয়া এই বাজেটত প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই পোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰতিশ্ৰুতি দিছিল মাইক্ৰফাইনেন্স ঋণ ৰেহাই দিয়াৰ কথা।
সেই মৰ্মেই কিছুমান বিশেষ চৰ্ত ৰাখি এই ঋণ ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল।
অৱশ্যে সকলো কথা আজি বাজেট দাখিল হোৱাৰ পিছত জানিব পৰা যাব।