কুকি বিদ্ৰোহী সংগঠন UPRF ৰ ২৭ জন সদস্যৰ অস্ত্ৰসহ আত্মসমৰ্পণ

August 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কাৰ্বি আংলং জিলা আৰক্ষীয়ে লাভ কৰিছে এক বিশেষ সাফল্য।

কুকি বিদ্ৰােহী সংগঠন ‘ইউনাইটেড পিপ’লছ ৰিভলিউচনাৰী ফ্ৰণ্ট’ চমুকৈ ইউ পি আৰ এফৰ ২৭ জনকৈ দুৰ্ধৰ্ষ সদস্যৰ আত্মসমৰ্পণ।

সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি কাৰ্বি আংলং জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ জৰিয়তে মূলসূঁতিলৈ ওভতি আহিল ২৭ জনকৈ উগ্ৰপন্থী।

প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ অন্তৰ্গত ছাইজাঙত উগ্ৰপন্থী সংগঠনটোৰ এই বৃহৎসংখ্যক কেডাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে।

অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাৰ হাতত অস্ত্ৰ সমৰ্পণ কৰি উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলে আত্মসমৰ্পণৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে।

কুকি উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণৰ অনুষ্ঠানত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙো উপস্থিত থাকে।

আত্মসমৰ্পণ কৰা উগ্ৰপন্থীৰ দলটোৱে চাৰিটা অত্যাধুনিক ৰাইফল, পাঁচটা পিষ্টল আৰু বাকী কেইবাটাও দেশীয়ভাৱে নিৰ্মিত তথা পইণ্ট ২২ বন্দুক আৰক্ষীৰ হাতত জমা দিয়া বুলি জানিব পৰা গৈছে।