কৃষকৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা! পাৱাৰ টিলাৰ চলাই মাটি চহালে কৃষিমন্ত্ৰীয়ে

June 11, 2021 0 By Biraj Kalita

কৃষকৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা।

শুক্ৰবাৰে পুৱাই কৃষি মন্ত্ৰী অতুল বৰাই জন্মস্থান গোলাঘাটৰ বাম বৰাহী গাঁৱত নিজা কৃষি ভূমিত ট্ৰেক্টৰ লৈ পথাৰত হাল বোৱা পৰিলক্ষিত হ’ল।

Pix by UB Photos

সাংবাদিকৰে হোৱা বাৰ্তালাপত পথাৰত হাল বাই অতীতৰ স্মৃতি সোঁৱৰণ কৰি মন্ত্ৰীগৰাকী নষ্টালজিক হৈ পৰা দেখা গ’ল।

কৃষি কৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ মন্ত্ৰী জনে প্ৰতিবছৰে এনেদৰে পথাৰত হাল বায় বুলিও উল্লেখ কৰে।

Pix by UB Photos

ইয়াৰ পিছতে গোলাঘাট জিলা অগপৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী গৰাকী।

নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰলৈ কাৰ্যালয়ত উপস্থিত হোৱা মন্ত্ৰী গৰাকীক অগপৰ কৰ্মকৰ্তাসকলে উষ্ম আঁদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।

Pix by UB Photos