কৃষি মন্ত্ৰী নহয়, এইবাৰ পথাৰত কঠিয়া সিঁচাত ব্যস্ত ৰাজহ মন্ত্ৰী যোগেন মহন…

June 28, 2021 0 By Biraj Kalita

কৃষি মন্ত্ৰী অতুল বৰা নহয়, এইবাৰ পথাৰত ব্যস্ত ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহন।

বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে গ্ৰহণ কৰিছে এটা বিশেষ ব্যৱস্থা।

ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত মন্ত্ৰী গৰাকীয়ে কৃষক সকলক যোগান ধৰিছে উন্নত মানৰ কঠিয়া।

সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী যোগেন মহনে ৷

দেওবাৰে আৰম্ভ কৰা কঠিয়া সিঁচা কাৰ্যসূচীতে মন্ত্ৰী গৰাকীয়ে নিজে উপস্থিত হৈ কৃষক ৰাইজৰ সৈতে বীজ সিঁচে।