কেকো সাপ উদ্ধাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী

April 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ মাজেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চােৰাং সৰবৰাহ এতিয়াও অব্যাহত আছে। সহজ ধনৰ লালসাত এনে বন্যপ্ৰাণীৰ চােৰাং বেহাত জড়িত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰ।

বিশেষকৈ ৰাজ্যৰ সীমান্তৱৰ্তী জিলাসমূহত এনে চক্ৰৰ তৎপৰতা অধিক।

ইপিন, ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নাক্তিপাৰত কেকো সাপ বিক্ৰী কৰাৰ খবৰ লাভ কৰি গোপন সূত্ৰৰ পমখেদি অভিযান চলাইছিল আৰক্ষীয়ে।

কলাইগাওঁ আৰক্ষীয়ে নাক্তিপাৰাত অভিযান চলাই দুডাল কেকো সাপ উদ্ধাৰ কাৰাৰ লগতে দুজনক আটক কৰে।

আটক হোৱা ধৃত কেকো সাপ ব্যৱসায়ী দুজনৰ নাম- মকবুল হক আৰু জুমুৰ আলী ।

সম্প্ৰতি দুয়োজনকে কলাইগাঁও আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে চাওকঃ

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান