কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

July 7, 2021 0 By Biraj Kalita

কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বহু প্ৰতিক্ষীৰ অন্তত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ আজি সম্প্ৰসাৰণ কৰা হয়।

মোদীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত কেইবাজনো ন-পুৰণি নেতাই শপত লয়।

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰথমে মহাৰাষ্ট্ৰৰ সাংসদ নাৰায়ণ ৰাণেই শপত গ্ৰহণ কৰে।

ইয়াৰ পিছতে দ্বিতীয়গৰাকী কেবিনেট মন্ত্ৰীৰূপে শপত লয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইংৰাজীত শপত লৈছে সোণোৱালে।

মুঠ ৪৩ গৰাকী নেতাক কেবিনেট মন্ত্ৰীৰূপে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শপত বাক্য পাঠ কৰোৱায়।