কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত- অসমতে থাকিব টাটা টীৰ অপাৰেটিং মুখ্য কার্যালয়

April 11, 2021 0 By Biraj Kalita

অসমতে থাকিব টাটা টীৰ অপাৰেটিং মুখ্য কার্যালয়।

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পিয়ুয গোৱেলৰ বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজি কেন্দ্রীয় চৰকাৰৰ ঊর্ধ্বতন কর্তৃপক্ষৰে হোৱা এক বৈঠকৰ অন্তত এমাল্গেমেটেড প্লেণ্টেচন্ছ প্রাইভেট লিমিটেডৰ তৰফৰ পৰা প্রকাশিত এক প্রেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হয়৷

বিজ্ঞপ্তিটোত কোৱা হয় যে, অসমত থকা ২১খন চাহ বাগিচাৰ প্রায় ৫০ হাজাৰ প্রত্যক্ষ–পৰোক্ষ কর্মচাৰীৰ স্বার্থত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

উল্লেখ্য যে টাটা টীৰ গুৱাহাটীৰ খ্রীষ্টানবস্তিস্থিত মুখ্য অপাৰেটিং কার্যালয় স্থানান্তৰ কৰাক কেন্দ্র কৰি তীব্র বিতর্ক সৃষ্টি হৈছিল৷ আনকি সশস্ত্র সংগঠন আলফা (স্বাধীন)–য়ো বিষয়টোক লৈ টাটা টী কর্তৃপক্ষক সকীয়নি দিছিল৷

লগতে চাওকঃ

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত কথমপি ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালিৰ